Nabadeep Teli

Nabadeep Teli

Share

My name is Nabadeep Teli, and I am the President of the ATTSA Cachar District Committee.

26/01/2026

প্ৰিয় আটছাৰ কৰ্মকর্তাবৃন্দ,
চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱীসকল আৰু প্ৰিয় ভাই-ভনীসকল—
আজি ২৬ জানুৱাৰী। এই বিশেষ দিনটোত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষত সংবিধান প্ৰৱৰ্তন হৈছিল।
বন্ধুসকল, সংবিধান কেৱল আইনৰ এখন পুথি নহয়। ই আমাৰ জীৱন চলাৰ পথ। সংবিধানে আমাক বহু অধিকাৰ প্ৰদান কৰিছে আৰু একে সময়তে কিছুমান কৰ্তব্যো মনত পেলাই দিয়ে—দেশক ভালপোৱা, ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ সন্মান ৰক্ষা কৰা, লগতে সমাজত শান্তি আৰু ঐক্য বজাই ৰখা।
গণতন্ত্ৰ মানে কেৱল ভোট দিয়া নহয়। গণতন্ত্ৰ মানে মানুহৰ কথা শুনা, আনৰ মতামতক সন্মান কৰা আৰু দেশৰ মঙ্গলৰ বাবে কাম কৰা। আমি যেতিয়া নিজৰ অধিকাৰ বিচাৰোঁ, তেতিয়া আমাৰ কৰ্তব্যসমূহো পালন কৰিব লাগিব।
ভাৰতবৰ্ষ বহু ভাষা, ধৰ্ম আৰু সংস্কৃতিৰে ভৰপূৰ দেশ। তথাপিও আমি সকলো একেলগে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছোঁ। এইয়াই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি—বৈচিত্ৰ্যৰ মাজত ঐক্য।
আজি আমি গভীৰ শ্ৰদ্ধাৰে সেই সকলো মহান ব্যক্তিসকলক স্মৰণ কৰোঁ, যিসকলে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
আজিৰ দিনত আমাৰ দেশৰ সন্মুখত কিছুমান সমস্যা আছে—দাৰিদ্ৰ্য, বেকাৰত্ব, নিৰক্ষৰতা আৰু সমাজত থকা ভেদাভেদ। এই সমস্যাসমূহৰ সমাধান আমি সকলো একেলগে মিলি কৰিব লাগিব। কেৱল চৰকাৰৰ ফালে চাই থাকিলে নহ’ব, আমাৰ প্ৰতিজনৰে নিজৰ দায়িত্ব আছে।
যুৱ সমাজেই দেশৰ ভৱিষ্যৎ। এজন ছাত্ৰ বা যুৱক হিচাপে আমাৰ কৰ্তব্য হৈছে মনোযোগেৰে পঢ়া-শুনা কৰা, ভাল মানুহ হোৱা আৰু সমাজৰ কামত আগবাঢ়ি অহা। সৰু সৰু ভাল কামেই ডাঙৰ পৰিৱর্তন আনিব পাৰে।
এই প্ৰজাতন্ত্ৰ দিৱসত আহক, আমি সকলো একেলগে এখন সুন্দৰ আৰু বিকশিত সমাজ গঢ়ি তোলাৰ বাবে
অঙ্গীকাৰবদ্ধ হওঁ।
এই শুভ দিনটোত আপোনালোক সকলোকে পুনৰ এবাৰ প্ৰজাতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
জয় হিন্দ!
জয় আই অসম!
জয়তু আটছা!

25/01/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনজাতি জাতীয় সন্মিলন, অসম, ৩৬ জাতি পৰিবাৰ লগতে চাহ জনগোষ্ঠীয় বৌদ্ধিক সমাবেশৰ সৈতে জনগোষ্ঠীকৰণ ওপৰত বিশেষ আলোচনা সভাত আটছা কাছাৰ জিলা সমিতিৰ সভাপতি অতিথি হিচাপে আটছাৰ বিশেষ আলোচনা সভাত উপস্থিত থাকি অংশগ্ৰহণ কৰোঁ।
স্থান – সত্যনাৰায়ণ প্ৰেছগৃহ বোকাখাত নগৰ, গোলাঘাট জিলা।
তাংঃ – ২৪ জানুৱাৰী ২০২৬।

14/01/2026
Photos from Nabadeep Teli 's post 06/01/2026

বিগত ০৪/০১/২০২৬ তাৰিখে হাইলাকান্দিত ATTSA আৰু ATTWA, হাইলাকান্দি জিলা সমিতিৰ উদ্যোগত এখন জৰুৰী সভা অনুষ্ঠিত হয়।
উক্ত সভাত মই আৰু মোৰ কাছাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিলোঁ।

Want your business to be the top-listed Government Service in Silchar?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Lalbag Cha Bagan
Silchar