Explorica

Call Directions Website Contact the organization

Explorica Explorica is an educational institute of personality developement , positive thinking and motivaltio

11/08/2026

👉 শিৱসাগৰৰ শিমলুগুৰি অঞ্চলৰ বিভিন্ন গাওঁত Exploricaa society ৰ সদস্য সকলৰ বান সাহায্য বিতৰণ।

👉 সৰু লৰা ছোৱালীৰ কাপোৰ, চাদৰ মেখেলা, টিৰপাল, বিস্কুত আদি বিভিন্ন বস্তুৰ সাহায্য বিতৰণ কৰা হয়।

👉 সম্পাদক গুণজিৎ বসুমতাৰী আৰু সদস্য দ্বীপ তালুকডাৰৰ নেতৃত্বত যোৱা দলটিৱে যোৱা কালি সাহায্য বিতৰণ কৰে।

👉 প্ৰয়োজন হলে পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি অনুস্থানটোৰ সঞ্চালক নিশান্ত বৰ্মনে জানিবলৈ দিয়ে।

11/08/2026

ধন্যবাদ
11/08/2026

ধন্যবাদ

👉 শিৱসাগৰৰ শিমলুগুৰি অঞ্চলৰ বিভিন্ন গাওঁত Exploricaa society ৰ সদস্যসকলৰ দ্বাৰা বান সাহায্য বিতৰণ।

👉 সৰু লৰা ছোৱালীৰ কাপোৰ, চাদৰ মেখেলা, তিৰপাল, বিস্কুত আদি বিভিন্ন বস্তুৰ সাহায্য বিতৰণ কৰা হয়।

👉 সম্পাদক গুণজিৎ বসমতাৰী আৰু সদস্য দ্বীপ তালুকদাৰৰ নেতৃত্বত যোৱা দলটোৱে যোৱা কালি সাহায্য বিতৰণ কৰে।

👉 প্ৰয়োজন হ'লে পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি অনুষ্ঠানটোৰ সঞ্চালক নিশান্ত বৰ্মনে জানিবলৈ দিয়ে।
NewsTime3

শিৱসাগৰ উপস্থিত Exploricaa ৰ সদস্য সকল : Exploricaa -ৰ ফালৰ পৰা শিৱসাগৰৰ শিমলুগুৰিত বান সাহায্য বিতৰণ কৰা হয়। বানপীড়িত...
10/08/2026

শিৱসাগৰ উপস্থিত Exploricaa ৰ সদস্য সকল :

Exploricaa -ৰ ফালৰ পৰা শিৱসাগৰৰ শিমলুগুৰিত বান সাহায্য বিতৰণ কৰা হয়। বানপীড়িতসকলৰ মাজত সৰু-বৰ ল’ৰা-ছোৱালীৰ কাপোৰ, চাদৰ-মেখেলা, টিৰপাল , বিস্কুতৰ পেকেট আদিকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱা হয়। সম্পাদক গুণজিৎ বসুমতাৰী আৰু সদস্য দ্বীপ তালুকদাৰৰ নেতৃত্বত যোৱা আমাৰ প্ৰতিনিধি দলটিয়ে শিমলুগুৰি, লিটন গাঁও আদিকে ধৰি বিভিন্ন অঞ্চলত উপস্থিত হৈ বানপীড়িত ৰাইজৰ বুজ লয়। শিমলুগুৰিৰ এগৰাকী সদাশয় ব্যক্তিয়ে আমাৰ দলটিক চাহ-জলপান আৰু দুপৰীয়াৰ আহাৰেৰে আপ্যায়ন কৰাৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ।

এই সেৱামূলক যাত্ৰাত ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তিয়ে আমালৈ সহায়-সহযোগিতাৰ হাত আগবঢ়ালে, তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মুম্বাইৰ এগৰাকী মাৰাঠি ভগ্নীয়ে প্ৰথম আৰ্থিক সাহায্য আগবঢ়াই আমাৰ সমগ্ৰ দলটিক বিশেষভাৱে উৎসাহিত কৰি তুলিছিল। ইয়াৰ উপৰি বৰপেটা জিলাৰ খৰিচালা, ভুলুকাডোৱা, পালেংবাৰী, কলগাছিয়া তথা বঙাইগাঁও জিলাৰ মাণিকপুৰ, চকিহালী আৰু ঝাউবাৰী অঞ্চলৰ ৰাইজে যি অকৃত্রিম সহায় আগবঢ়ালে, তাৰ বাবে আমি চিৰকৃতজ্ঞ।

সৰভোগৰ বিশিষ্ট কবি শ্ৰীযুত কাব্যনীলদেৱে বস্ত্ৰ সাহায্য আগবঢ়াই কৰা সহায়ৰ বাবে তেওঁলৈকো আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আমাৰ দলটিয়ে ধাৰাবাহিকভাৱে ৬ দিন বান সাহায্য সংগ্ৰহৰ কাম চলাইছিল। ক’ত কিমান ধন ব্যয় হ’ল, তাৰ সবিশেষ হিচাপ অতি সোনকালে আমাৰ Explorica পেজত প্রকাশ কৰা হ’ব। লগতে, যিসকল ব্যৱসায়ী তথা যিসকল দোকানীয়ে আমাক সহায় কৰিলে, তেওঁলোকৰ নামসমূহো লিপিবদ্ধ কৰা হৈছে আৰু সেয়া পেজত উল্লেখ কৰা হ’ব।

এই সমগ্ৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুণজিৎ বসুমতাৰী, দ্বীপ ভাইটি আৰু মৃণাল দাস Mrinal Das ভাইটিলৈ, নিপন দাস Nipan Das ,প্ৰণৱ জ্যোতি ৰায় সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

মানুহে মানুহৰ বাবে
04/08/2026

মানুহে মানুহৰ বাবে

04/08/2026

যোৱা বৃহস্পতিবাৰে আমি বৰপেটা জিলাৰ খৰিচালা বজাৰত বান সাহায্য সংগ্ৰহ কৰিলোঁ। খৰিচালাবাসী ৰাইজে আমাক মুক্তহতেৰে যি সহায়-সহযোগিতা আগবঢ়ালে, তাৰ বাবে তেখেতসকললৈ জনালোঁ আমাৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা।

ধন্যবাদেৰে,
নিশান্ত বৰ্মন, সভাপতি
গুণজিৎ বসুমতাৰী, সম্পাদক

02/08/2026

আজি Exploricaa ৰ সদস্য সকলে সৰভোগৰ ভুলোকাডবাত বজাৰ কতৃপক্ষৰ সহযোগত বান সাহাৰ্য্য সংগ্রহ কৰে। প্ৰতিজন মানুহে আগ্ৰহেৰে স্ব ইচ্ছাৰে সহায়ৰ হাত আগবঢ়ায়। আমাৰ ফালৰ পৰা প্ৰতিগৰাকী ব্যক্তি তথা বজাৰ কতৃপক্ষক আন্তৰিক ধন্যবাদ।
আপোনাৰ এই সহায়ে কাৰোবাক এমুঠি অন্নৰ যোগান ধৰিব।

14/01/2026
অসমীয়া হৃদয়ৰ স্পন্দন, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ গভীৰ শ্রদ্ধাঞ্জলি :১৯ ছেপ্তেম্বৰ, ২০২৫ খ্ৰীষ্টাব্দ।এই দ...
21/09/2025

অসমীয়া হৃদয়ৰ স্পন্দন, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ গভীৰ শ্রদ্ধাঞ্জলি :

১৯ ছেপ্তেম্বৰ, ২০২৫ খ্ৰীষ্টাব্দ।
এই দিনটো অসমবাসীৰ বাবে এক গভীৰ বেদনা বোৱাই আনিলে।
আমাৰ প্ৰিয় শিল্পী, অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্র, *জুবিন গাৰ্গ* দেৱে এই পৃথিৱীৰ পৰা বিদায় লৈ গ'ল।
তেখেতৰ এই অকালবসনে অসমবাসীৰ অন্তৰ আকাশ অন্ধকাৰত ঢাকি পেলালে।

মৃত্যু—এটা অমোঘ সত্য। কিন্তু সৃষ্টিশীল, অনন্য প্ৰতিভাৰে ভৰা এটা জীৱনৰ প্ৰভাৱ কেতিয়াও অন্তৰ পৰা মচি পেলাব নোৱাৰি।
জুবিন গাৰ্গ এটা নাম নহয়—
তেখেত এজন আন্দোলন, এটি আত্মিক সুৰ, এটি জীৱন্ত সত্বা।
অসমীয়াৰ ভাষা, সংস্কৃতি, সংগীতক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা এই মহান শিল্পীগৰাকীয়ে সকলোৰে হৃদয়ত অমৰ হৈ থাকিব।

আজিৰ এই বিশেষ ক্ষণত আমি এক্সপ্লৰিকা পৰিয়ালৰ তৰফৰ পৰা আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ বাবে আন্তৰিক প্রার্থনা জনাইছোঁ।
তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ আমাৰ দীৰ্ঘশ্বাস আৰু গভীৰ সমবেদনা।
এই দুখৰ সময়ছোৱাত ঈশ্বৰে তেওঁলোকক সহনশীলতা আৰু সাহস প্ৰদান কৰক।

হে মহান শিল্পী,
আপুনি থকাতেই অসমীয়া সংগীত এক নতুন পৰিচয় লাভ কৰিছিল।
আপোনাৰ সুৰত, শব্দত, হৃদয়ৰ উজানি লহৰিটো আজিও বাজি থাকে।
আপুনি নাই—কিন্তু আপোনাৰ সৃষ্টি, আপোনাৰ সোঁৱৰণি আৰু আপোনাৰ প্ৰেম সদায় আমাৰ মাজত জীয়াই থাকিব।

আপোনাক আমাৰ অন্তৰৰ গভীৰতম স্থানৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
আপুনি চিৰজীৱী।

ভৱদ্বীয়
নিশান্ত বৰ্মন, সভাপতি
গুণজিৎ বসুমতাৰী, সম্পাদক
Explorica, educational and cultural development society.

Address

Main Road Sorbhog
Sorbhog
781317

Alerts

Be the first to know and let us send you an email when Explorica posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Explorica:

Shortcuts

Share