Rajib Das4bjp

Directions

Rajib Das4bjp Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rajib Das4bjp, Social service, শুৱালকুছি, Sualkuchi.

দেৱী দুৰ্গাৰ আগমনৰ এই পবিত্ৰ ক্ষণত আপোনালৈ আৰু আপোনাৰ সমগ্ৰ পৰিয়ালবৰ্গলৈ মহালয়াৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা দুৰ্...
10/10/2026

দেৱী দুৰ্গাৰ আগমনৰ এই পবিত্ৰ ক্ষণত আপোনালৈ আৰু আপোনাৰ সমগ্ৰ পৰিয়ালবৰ্গলৈ মহালয়াৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা দুৰ্গাই সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক🙏

শুভ মহালয়া🪷

ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহান আৰু বলিষ্ঠ অভিনেতা নানা পাটেকাৰ ডাঙৰীয়াৰ আকস্মিক প্ৰয়াণৰ খবৰটো অতিশয় দুখদায়ক।তেখেতৰ বিয়...
08/10/2026

ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহান আৰু বলিষ্ঠ অভিনেতা নানা পাটেকাৰ ডাঙৰীয়াৰ আকস্মিক প্ৰয়াণৰ খবৰটো অতিশয় দুখদায়ক।তেখেতৰ বিয়োগ সমগ্ৰ দেশ তথা কলা ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুখৰ সময়ত তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

শুৱালকুছি বাঘেশ্বৰী পাহাৰৰ নিবাসী অজিত মহন্ত আৰু চন্দ্ৰমা মহন্তৰ জীয়ৰী আমাৰ মৰমৰ ভগ্নী অবন্তিকা মহন্ত (কুকি) গুৱাহাটী বি...
04/10/2026

শুৱালকুছি বাঘেশ্বৰী পাহাৰৰ নিবাসী অজিত মহন্ত আৰু চন্দ্ৰমা মহন্তৰ জীয়ৰী আমাৰ মৰমৰ ভগ্নী অবন্তিকা মহন্ত (কুকি) গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৬-২৭ বৰ্ষৰ নিৰ্বাচনত 'সাহিত্য সম্পাদিকা' পদত বিপুল ভোটত জয়ী হৈ কৃষ্ণচুড়াৰ নগৰীত শুৱালকুছিৰ নাম উজলাই তুলিলে।

এই গৌৰৱপূৰ্ণ ক্ষণত আজি তেওঁৰ শুৱালকুছিস্থিত বাসগৃহত উপস্থিত হৈ মই তেওঁক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰোঁ। কুকিলৈ সমগ্ৰ অঞ্চলবাসীৰ তৰফৰ পৰা শুভকামনা জনালোঁ। তোমাৰ এই জয়যাত্ৰা অব্যাহত থাকক আমি সদায়েই তোমাৰ লগত আছো।

শুৱালকুছিৰ কন্যা আজি বিশ্ববিদ্যালয়ৰ বাকৰিত জিলিকি উঠিল🚩অত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাওঁ যে,আমাৰ অতি মৰমৰ ভগ্নী অবন্তিকা ম...
03/10/2026

শুৱালকুছিৰ কন্যা আজি বিশ্ববিদ্যালয়ৰ বাকৰিত জিলিকি উঠিল🚩

অত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাওঁ যে,আমাৰ অতি মৰমৰ ভগ্নী অবন্তিকা মহন্ত (কুকি) গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৬-২৭ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত 'সাহিত্য সম্পাদক' পদত এক বিপুল ভোটত জয়লাভ কৰিছে।

শুৱালকুছি বাঘেশ্বৰ পাহাৰৰ নিবাসী অজিত মহন্ত আৰু চন্দ্ৰমা মহন্তৰ জীয়ৰী অবন্তিকাই আজি নিজৰ মেধা আৰু নেতৃত্বৰ যোগ্যতা প্ৰমাণ কৰি বিশ্ববিদ্যালয়ৰ নিচিনা এক বৃহৎ মঞ্চত শুৱালকুছিৰ নাম উজলাই তুলিলে।

মৰমৰ ভগ্নী কুকিলৈ মোৰ আৰু আমাৰ সমগ্ৰ অঞ্চলটোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু এক সফল কাৰ্যকালৰ শুভকামনা জনালোঁ। তোমাৰ এই জয়যাত্ৰা অব্যাহত থাকক, সদায় আশীৰ্বাদ আৰু সমৰ্থন তোমাৰ লগত আছে।

জয়তু যুৱ শক্তি! ✊🔥

আজি মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সচিব,জ্যেষ্ঠ ভাতৃস্বৰূপ Ranjit Bhattacharya  ডাঙৰীয়াৰ সৈতে তেওঁৰ জন্মদিনৰ বিশেষ দিনটো...
02/10/2026

আজি মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সচিব,জ্যেষ্ঠ ভাতৃস্বৰূপ Ranjit Bhattacharya ডাঙৰীয়াৰ সৈতে তেওঁৰ জন্মদিনৰ বিশেষ দিনটোত বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰস্থিত শ্ৰীশ্ৰী ফুলনি থানত উপস্থিত হৈ ভগৱানৰ চৰণত সেৱা জনালোঁ আৰু তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ।

📍লক্ষীমপুৰ

ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক,মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সচিব আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ Ranj...
02/10/2026

ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক,মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সচিব আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ Ranjit Bhattacharya দাদালৈ জন্মদিনৰ আন্তৰিক ওলগ আৰু অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ।

কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত একমাত্ৰ উদাসীন সত্ৰ, শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত ৰাজীৱ লোচন স...
01/10/2026

কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত একমাত্ৰ উদাসীন সত্ৰ, শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত ৰাজীৱ লোচন সন্ত বাপজনাৰ পবিত্ৰ ওপজা দিনত মোৰ ফালৰ পৰা আৰু সমগ্ৰ যুৱ সমাজৰ তৰফৰ পৰা গভীৰ ভক্তিপূৰ্ণ প্ৰণাম তথা আন্তৰিক শুভকামনা যাচিলোঁ।

আমাৰ আধ্যাত্মিক জগতখনৰ এগৰাকী সৰবৰহী কাণ্ডাৰী তথা সমাজ সংস্কাৰক বাপজনাৰ জ্ঞান, উদাৰতা আৰু মাৰ্গদৰ্শনে আমাক সদায় সততা আৰু ধৰ্মৰ পথেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই আহিছে। আজিৰ এই পবিত্ৰ ক্ষণত মহাপুৰুষ গুৰু দুজনা আৰু ভগৱানৰ চৰণত বাপজনাৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সুদীৰ্ঘ আধ্যাত্মিক যাত্ৰাৰ বাবে প্ৰাৰ্থনা জনালোঁ🙏

27/09/2026

৩৪ সংখ্যক শুৱালকুছি সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ বাৰ্ষিক সাধাৰণ সভাত মোৰ অতিকৈ আপোন শুৱালকুছিবাসী ৰাইজে মোক যি বিপুল সমৰ্থন জনালে আৰু পুনৰ এবাৰ সভাপতি পদৰ বাবে মোৰ নাম প্ৰস্তাৱ কৰিলে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। মোৰ প্ৰতি থকা আপোনালোকৰ এই অগাধ বিশ্বাস আৰু মৰমৰ বাবে মই প্ৰস্তাৱক, সমৰ্থক আৰু মোৰ প্ৰতিজন আপোন ৰাইজক অন্তৰৰ নিৰ্ভাজ কোণৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আপোনালোকৰ আশীৰ্বাদ আৰু সহায়-সহযোগিতাত মই ইয়াৰ পূৰ্বেও তিনিবাৰকৈ সভাপতিৰ দায়িত্ব সফলতাৰে পালন কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। সেই মধুৰ দিনবোৰত আপোনালোকে আগবঢ়োৱা অভূতপূৰ্ব সহায় মোৰ জীৱনৰ এক ডাঙৰ সম্বল।

কিন্তু অত্যন্ত দুখেৰে জনাবলগীয়া হৈছে যে, কিছুদিন পূৰ্বে মই এটা দুৰ্ঘটনাত পতিত হৈছিলোঁ। বৰ্তমান চিকিৎসকে মোক সম্পূৰ্ণ জিৰণি (Rest) ল’বলৈ পৰামৰ্শ দিছে। এই শাৰীৰিক অসুস্থতা আৰু ব্যক্তিগত অসুবিধাৰ বাবেই মই এইবাৰ সভাপতি পদৰ দৌৰৰ পৰা মোৰ নামটো প্ৰত্যাহাৰ কৰিবলগীয়া হ’ল। মোৰ এই অনিচ্ছাকৃত সিদ্ধান্তৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।

মই শাৰীৰিকভাৱে হয়তো সক্ৰিয় হৈ থাকিব নোৱাৰিম, কিন্তু মোৰ মন আৰু আশীৰ্বাদ সদায় আমাৰ ৰাস মহোৎসৱৰ লগতে থাকিব। পৰৱৰ্তী সময়ত নিশ্চয়কৈ আপোনালোকৰ সেৱা আগবঢ়াবলৈ পুনৰ আহিম।

৩৪ সংখ্যক শুৱালকুছি সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীৰে পূৰ্ণাংগ সাফল্য কামনা কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণই সকলোৰে মংগল কৰক🙏

Address

শুৱালকুছি
Sualkuchi
781103

Website

Alerts

Be the first to know and let us send you an email when Rajib Das4bjp posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category