Sachin Sahu

Directions

Sachin Sahu self employed

তিনিচুকীয়াৰ চলিহা নগৰত আয়োজিত "তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন"ৰ প্ৰথম দিনাৰ কাৰ্যসূচী উপলক্ষে আখৰা স্থলীত কেন্দ্ৰীয় সম...
22/09/2026

তিনিচুকীয়াৰ চলিহা নগৰত আয়োজিত "তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন"ৰ প্ৰথম দিনাৰ কাৰ্যসূচী উপলক্ষে আখৰা স্থলীত কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া আৰু মৰমৰ কৰম প্ৰেমী ৰাইজৰ সৈতে এক সুন্দৰ মুহূৰ্ত। আশীৰ্বাদ আৰু সহায়-সহযোগিতা অটুট থাকক! 🙏✨

#কৰমসন্মিলন #তিনিচুকীয়া #চলিহানগৰ #সংস্কৃতি

আটছা (ATTSA) তিনিচুকীয়া শাখা সমিতিৰ উদ্যোগত আৰু কচুজান উপ-শাখা সমিতিৰ সহযোগত কচুজান চাহ বাগিছাৰ লাইনে লাইনে এক সজাগতামূ...
07/09/2026

আটছা (ATTSA) তিনিচুকীয়া শাখা সমিতিৰ উদ্যোগত আৰু কচুজান উপ-শাখা সমিতিৰ সহযোগত কচুজান চাহ বাগিছাৰ লাইনে লাইনে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

​আমাৰ পৰিয়াল, সন্তান আৰু ভৱিষ্যত প্ৰজন্মক অবৈধ চুলাই, মদ, গাঞ্জা আৰু ড্ৰাগছৰ মাৰাত্মক জালৰ পৰা ৰক্ষা কৰিবলৈ এই যুঁজ আৰম্ভ কৰা হৈছে। বাগিছা এলেকাত নিচাজাতীয় দ্ৰব্য বনোৱা আৰু বিক্ৰী কৰা কাৰ্য সম্পূৰ্ণ বন্ধ নকৰালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব।

​নিজৰ ঘৰখন আৰু সমাজখন বচাবলৈ আগবাঢ়ি আহক।

আমাৰ বাগিছা, আমাৰ দায়িত্ব ।
আহক, নিচাৰ বিৰুদ্ধে ঐক্যবদ্ধ হওঁ ।
সমাজ ধ্বংসকাৰী নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ সংগ্ৰাম অব্যাহত ।

চান্দমাৰী চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক ত্ৰিদ্বীপ গগৈ চাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ...
25/08/2026

চান্দমাৰী চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক ত্ৰিদ্বীপ গগৈ চাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত তথা ভাবুক হৈ পৰিছিলোঁ।
বিদায় বেলাৰ এই বিশেষ মুহূৰ্তটিত চাৰৰ সুদীৰ্ঘ শিক্ষাদানৰ যাত্ৰা, ত্যাগ আৰু প্ৰচেষ্টাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।
তেওঁৰ বলিষ্ঠ নেতৃত্ব, স্নেহপূৰ্ণ নীতি আৰু বিদ্যালয়খনৰ সৰ্বাংগীণ উন্নতিৰ বাবে আগবঢ়োৱা অৱদান সকলোৰে বাবে চিৰকাল প্ৰেৰণাৰ উৎস হৈ ৰ’ব।
আমি সকলোৱে চাৰৰ অৱসৰ উত্তৰ জীৱনৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু অনাবিল সুখ-শান্তি আন্তৰিকতাৰে কামনা কৰোঁ।

আমি বিচাৰো সুস্থ আৰু সুন্দৰ সমাজ |আটছা জিন্দাবাদ  || ✊
20/08/2026

আমি বিচাৰো সুস্থ আৰু সুন্দৰ সমাজ |
আটছা জিন্দাবাদ || ✊

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া শাখাৰ উদ্যোগত কচুজান উপ-শাখাৰ অন্তৰ্গত চান্দমাৰী চাহ বাগিছাৰ প্ৰতিটো লাইনত...
19/08/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া শাখাৰ উদ্যোগত কচুজান উপ-শাখাৰ অন্তৰ্গত চান্দমাৰী চাহ বাগিছাৰ প্ৰতিটো লাইনতে চুলাই মদ, ড্ৰাগছ আৰু সকলো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী বন্ধ কৰাৰ দাবীত এক সজাগতা সভা অনুষ্ঠিত হয়। স্থানীয় ৰাইজ সকলে এই অভিযানত পূৰ্ণ সমৰ্থন আগবঢ়ায় ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ ।।

গেলাপুখুৰীৰ প্লাষ্টিক পাৰ্কত মোৰ মৰমৰ বন্ধু কৰন চ'নাৰ নতুনকৈ আৰম্ভ হোৱা ‘খাদ্যপ্ৰাংগন’ ৰেষ্টুৰেন্টত আজি উপস্থিত হৈ সুস্ব...
07/07/2026

গেলাপুখুৰীৰ প্লাষ্টিক পাৰ্কত মোৰ মৰমৰ বন্ধু কৰন চ'নাৰ নতুনকৈ আৰম্ভ হোৱা ‘খাদ্যপ্ৰাংগন’ ৰেষ্টুৰেন্টত আজি উপস্থিত হৈ সুস্বাদু খাদ্যৰ জুতি ল’লো। খাদ্যৰ সোৱাদ সঁচাকৈয়ে অপূৰ্ব আছিল। বন্ধুৰ এই নতুন যাত্ৰালৈ মোৰ তৰফৰ পৰা অলেখ শুভকামনা আৰু মৰম জনালোঁ। তোমাৰ ব্যৱসায় বহুত আগুৱাই যাওক ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হ’ৰ’ দেৱৰ পুণ্য তিথিত তেখেতৰ অমৰ স্মৃতিলৈ শত-কোটি প্ৰণাম...
26/06/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হ’ৰ’ দেৱৰ পুণ্য তিথিত তেখেতৰ অমৰ স্মৃতিলৈ শত-কোটি প্ৰণাম। আজি তিনিচুকীয়া জিলা ছাত্ৰাবাসত থকা তেখেতৰ প্ৰতিমূৰ্তিৰ সন্মুখত জিলা, শাখা আৰু উপ-শাখাৰ বিষয়ববীয়াৰ উপস্থিতিত সন্ধিয়া ভক্তিৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

জাতীয় স্বাভিমান, অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিজৰ জীৱন আহুতি দিয়া চাহ জনজাতিৰ মহান শ্বহীদসকললৈ ৩৮তম শ্বহীদ দিৱ...
07/06/2026

জাতীয় স্বাভিমান, অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিজৰ জীৱন আহুতি দিয়া চাহ জনজাতিৰ মহান শ্বহীদসকললৈ ৩৮তম শ্বহীদ দিৱস উপলেক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। শ্বহীদৰ ত্যাগ আৰু আদৰ্শই আমাক সদায় সমাজ আৰু জাতিৰ উন্নয়নৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক।
​অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অসম চাহ জনজাতি মহিলা সমিতিৰ আতিথ্যত আৰু সমূহ শাখাৰ সহযোগত আজি ৩৮তম শ্বহীদ দিৱস ডুমডুমা বংঙীয় দুৰ্গাবাড়‌ী প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ।
​✊ শ্বহীদ অমৰ হওক!

✊ আটছা জিন্দাবাদ!

জনতাৰ জয়ধ্বনিৰে মুখৰিত আপোনাৰ এই বিজয় যাত্ৰাই অঞ্চলটোলৈ কুশল কঢ়িয়াই আনক। এজন নিষ্ঠাৱান বিধায়ক হিচাপে আপোনাৰ পৰিচয় সুপ্ৰ...
05/05/2026

জনতাৰ জয়ধ্বনিৰে মুখৰিত আপোনাৰ এই বিজয় যাত্ৰাই অঞ্চলটোলৈ কুশল কঢ়িয়াই আনক। এজন নিষ্ঠাৱান বিধায়ক হিচাপে আপোনাৰ পৰিচয় সুপ্ৰতিষ্ঠিত হওক। জয়ৰ এই শুভক্ষণত মোৰ ফালৰ পৰা অশেষ মৰম আৰু শুভেচ্ছা।

আপোনালৈ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সমাজ গঢ়াত আপোনাৰ ত্যাগ আৰু পৰিশ্ৰম সদায় অতুলনীয়।​শ্ৰমেই হ'ল...
01/05/2026

আপোনালৈ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সমাজ গঢ়াত আপোনাৰ ত্যাগ আৰু পৰিশ্ৰম সদায় অতুলনীয়।
​শ্ৰমেই হ'ল সফলতাৰ মূল চাবিকাঠি। মে' দিৱসৰ এই পৱিত্ৰ ক্ষণত পৃথিৱীৰ প্ৰতিগৰাকী শ্ৰমজীৱী ব্যক্তিলৈ জনালোঁ গভীৰ সন্মান আৰু শুভেচ্ছা।

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Sachin Sahu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category