Atasu Tinsukia District Committee Official

Directions

Atasu Tinsukia District Committee Official সদৌ তাই আহোম ছাত্ৰ সন্থা (ATASU), তিনিচুকীয়া জিলা সমিতি।
ছাত্ৰছাত্ৰীযুৱ সমাজৰ অধিকাৰ,শিক্ষা,সংস্কৃতি

07/10/2026

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু), বৰডুমছা-পেঙেৰী আঞ্চলিক সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন অহা ১৩ আৰু ১৪ অক্টোবৰ, ২০২৬ তাৰিখে চ্যুকাফা সমন্বয় ক্ষেত্ৰ, নতুন গাঁওত অনুষ্ঠিত হ’ব। আমন্ত্ৰিত শিল্পী মানচাও কুসুম কৈলাস লগতে মান নাং জ্যোতিস্মা চেতিয়া উপস্থিত থাকিব ৷

১৮৩০ চনৰ ২৬ জুলাই — অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অথচ উপেক্ষিত দিন। জাতীয় বুৰঞ্জীত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক 'প্ৰথম স্বাধীন...
24/09/2026

১৮৩০ চনৰ ২৬ জুলাই — অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অথচ উপেক্ষিত দিন। জাতীয় বুৰঞ্জীত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক 'প্ৰথম স্বাধীনতা সংগ্ৰাম' আৰু মংগল পাণ্ডেক প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ এক পৰম্পৰা গঢ় লৈ উঠিছিল, যাৰ ফলত ১৮৩০ চনত প্ৰাণাহুতি দিয়া অসমৰ বিপ্লৱীসকল উপেক্ষিত হৈ ৰ’ল।
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বহু বছৰ পূৰ্বেই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বুকুত সাহস বান্ধি থিয় দিছিল অসমৰ দুই বীৰ সন্তান— বীৰ শ্বহীদ পিয়লি ফুকন আৰু বীৰ শ্বহীদ জীউৰাম দুলীয়া বৰুৱা। দেশমাতৃৰ মুক্তিৰ বাবে হাঁহি হাঁহি ফাঁচী কাঠ আঁকোৱালি লোৱা এই মহান সংগ্ৰামীদ্বয় প্ৰকৃততে ভাৰতৰ প্ৰথম পৰ্যায়ৰ শ্বহীদসকলৰ অন্যতম।

জাতীয় ইতিহাসৰ অৱহেলাৰ বাবে তেওঁলোকে হয়তো যোগ্য স্বীকৃতিৰ পৰা বঞ্চিত হ’ল, কিন্তু অসম আৰু অসমীয়াৰ হৃদয়ত তেওঁলোকৰ স্থান চিৰ-অমৰ।

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু), তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা দুয়োগৰাকী অমৰ শ্বহীদৰ ত্যাগক সশ্ৰদ্ধ প্ৰণাম আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ।

🚩 বীৰ শ্বহীদ পিযলি ফুকন-জীউৰাম দুলীয়া বৰুৱাক ভাৰতৰ প্ৰথম স্বহীদ স্বীকৃতি প্ৰদান কৰক !





যোৱা কালি সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ জিলা মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও মিলন বুঢ়াগোহাঁই ডাঙৰীয়া...
01/09/2026

যোৱা কালি সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ জিলা মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও মিলন বুঢ়াগোহাঁই ডাঙৰীয়া, লগতে কেন্দ্ৰীয় বিষয়ববীয়া, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সংগ্ৰামী সতীৰ্থসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মত-বিনিময় সভা অনুষ্ঠিত হয়।
সভাত সংগঠনৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, জাতি-জনগোষ্ঠীৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰা আৰু আগন্তুক দিনত সংগঠনৰ কাৰ্যসূচীসমূহ অধিক গতিশীল কৰি তোলাৰ বিষয়ে বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

🕯️ গভীৰ শোকবাৰ্তা 🕯️এটি অতি দুখজনক আৰু হৃদয়বিদাৰক খবৰ।সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু), তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক ...
01/09/2026

🕯️ গভীৰ শোকবাৰ্তা 🕯️
এটি অতি দুখজনক আৰু হৃদয়বিদাৰক খবৰ।
সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু), তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক হৰেন বৰা ডাঙৰীয়াৰ পূজনীয়া মাতৃ শ্ৰীমতী দিপালী বৰা ডাঙৰীয়ানী বিগত কেইবাদিন ধৰি উচ্চ ৰক্তচাপজনিত অসুস্থতাত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু আজি পূৱা চিকিৎসাধীন অৱস্থাতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ বিয়োগৰ বাতৰিয়ে আটাছু তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সতীৰ্থক গভীৰভাৱে মৰ্মাহত কৰিছে।
আটাছু তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা বিদেহ আত্মাৰ চিৰশান্তি আৰু সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।লগতে ফুৰাত্ৰা ওচৰত জনমিং বিচাৰিছোঁ ৷শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় বেদনা সহ্য কৰাৰ শক্তি প্ৰদান কৰা।

ঔঁ শান্তি। 🙏🕯️

🎉 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎉সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও ৰূপম কুমাৰ গগৈ দেৱ...
10/08/2026

🎉 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎉

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও ৰূপম কুমাৰ গগৈ দেৱলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা শুভকামনা জ্ঞাপন কৰিছোঁ।
আপোনাৰ জীৱন সুখ, শান্তি, সুস্বাস্থ্য, সফলতা আৰু দীৰ্ঘায়ুৰে পৰিপূৰ্ণ হওক। জাতি, সমাজ আৰু সংগঠনৰ কল্যাণৰ বাবে আপোনাৰ নিষ্ঠাপূৰ্ণ সেৱা আগলৈও অব্যাহত থাকক—এই শুভক্ষণত তেনে আন্তৰিক কামনা জনালোঁ।

শুভ জন্মদিন! 🎂🎉

— সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) তিনিচুকীয়া জিলা সমিতি

—

🕯️ আলাবৈৰ ৰণ স্মৃতি দিৱস | ৫ আগষ্ট১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত ঐতিহাসিক আলাবৈৰ ৰণত মাতৃভূমিৰ স্বাধীনতা, স্বাভিমান আৰু অসমৰ ম...
05/08/2026

🕯️ আলাবৈৰ ৰণ স্মৃতি দিৱস | ৫ আগষ্ট
১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত ঐতিহাসিক আলাবৈৰ ৰণত মাতৃভূমিৰ স্বাধীনতা, স্বাভিমান আৰু অসমৰ মৰ্যাদা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰায় ১০,০০০ মহান অসমীয়া বীৰ শ্বহীদলৈ সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।তেওঁলোকৰ অতুলনীয় ত্যাগ, অদম্য সাহস আৰু দেশপ্ৰেম চিৰদিন অসমবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। ইতিহাসৰ এই গৌৰৱোজ্জ্বল আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু সকলো বীৰ শ্বহীদৰ অমৰ স্মৃতিক বিনম্ৰ প্ৰণাম জনাইছোঁ।
বীৰ শ্বহীদসকল অমৰ হওক।
— সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)
তিনিচুকীয়া জিলা সমিতি

বানপীড়িত ৰাইজৰ দুখ-দুৰ্দশাৰ সময়ত আজি দশম দিনাও আটাছুৰ বানসহায় অভিযান অব্যাহত আছে।আজি লিগিৰিপুখুৰী বান শিবিৰত আশ্ৰয় গ...
03/08/2026

বানপীড়িত ৰাইজৰ দুখ-দুৰ্দশাৰ সময়ত আজি দশম দিনাও আটাছুৰ বানসহায় অভিযান অব্যাহত আছে।
আজি লিগিৰিপুখুৰী বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানপীড়িত পৰিয়ালসমূহৰ মাজত অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। লগতে নেপালী খুটি অঞ্চলৰ ৰাইজৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত মত-বিনিময় কৰি সাধ্যানুসৰি সহায়-সহযোগিতাৰ আশ্বাস দিয়া হয়।
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মানচাও মিলন বুঢ়াগোহাঁই ককাইদেউৰ নেতৃত্বত আটাছু শিৱসাগৰ, মেৰাপানী, বোকাজান আৰু তিনিচুকীয়া জিলা সমিতিৰ সতীৰ্থসকলৰ যৌথ প্ৰচেষ্টাত এই বানসহায় সামগ্ৰী বিতৰণ কাৰ্যসূচী সম্পন্ন হয়।এই দুৰ্যোগৰ সময়ত সকলো বানাক্ৰান্ত পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। সৰ্বশক্তিমান ফুৰাত্ৰাৰই অতি শীঘ্ৰেই বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ অৱসান ঘটাই স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ শক্তি আৰু সাহস প্ৰদান কৰক।
Milan Buragohain
Chao Bhaskar Jyoti Borgohain

23/07/2026

📢 সদৌ তাই আহোম ছাত্ৰ সন্থা, (ATASU )তিনিচুকীয়া জিলা সমিতিৰ বিশেষ আহ্বান 📢

বয়কম ,সদৌ তাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া জিলা জ্ঞাতি, শুভাকাংক্ষী,ৰাইজক বিশেষ আহ্বান জনাইছোঁ ৷শেহতীয়া ভয়াৱহ বানে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিস্তীর্ণ অঞ্চল প্লাবিত কৰি আমাৰ সহস্ৰাধিক জ্ঞাতি-কুটুম তথা বানাক্ৰান্ত ৰাইজক দিশহাৰা কৰি তুলিছে। আশ্ৰয় শিবিৰ আৰু বানপীড়িত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনিয়ে দেখা দিছে।বিপদৰ এই ঘূৰঘোৰ সংকটকালত আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় হোৱাটো প্ৰতিজন সচেতন নাগৰিক তথা আমাৰ সংগঠনৰ নৈতিক দায়িত্ব। সেই উদেশ্যে সদৌ তাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অহা ২৬ জুলাই (২৬/০৭/২০২৬) তাৰিখে উক্ত বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই মানৱীয় কাৰ্যসূচী সফল কৰি তুলিবলৈ আমি তিনিচুকীয়া জিলাৰ সমূহ সৰ্বসাধাৰণ ৰাইজ, সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলৰ পৰা আন্তৰিক সহায়-সহযোগিতা বিচাৰিছোঁ।
আপোনালোকে আগবঢ়াব পৰা সম্ভাব্য সাহায্যসমূহ:
শুকান খাদ্য: চিৰা, মুৰি, বিস্কুট, গুৰ, গাখীৰৰ পাউডাৰ আদি।
ৰন্ধন সামগ্ৰী: চাউল, দাইল, নিমখ, মিঠাতেল আদি।
প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী: খোৱা পানীৰ বটল, ও.আৰ.এছ. (ORS), প্ৰাথমিক চিকিৎসাৰ ঔষধ, মমবাতি, জুইশলা আদি।
আপোনাৰ সৰু এটি অৱদানেও বানাক্ৰান্ত পৰিয়াল এটাক এই কঠিন সময়ত সাহস আৰু সকাহ দিব পাৰে। আহক, আমি সকলোৱে হাতত হাত মিলাই আমাৰ বিপন্ন জ্ঞাতি-ৰাইজৰ কাষত থিয় হওঁ।

📦 সামগ্ৰী সংগ্ৰহ / জমা দিয়াৰ স্থান:
সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) তিনিচুকীয়া জিলা কাৰ্যালয়, শ্ৰীপুৰীয়া, তিনিচুকীয়া

📞 যোগাযোগৰ বাবে:
৯৩৬৫৪৮৭০৮৮
৯১০১৫ ৪৬৭৩৯

💳 আৰ্থিক সাহায্যৰ বাবে (GPay / PhonePe / UPI):
৯৩৬৫৪৮৭০৮৮ / ৯১০১৫ ৪৬৭৩৯
হাতে হাত মিলাই এই বাৰ্তা সকলোৰে মাজলৈ প্ৰেৰণ কৰিবলৈ প’ষ্টটো যিমান পাৰি শ্বেয়াৰ (Share) কৰিবলৈ অনুৰোধ জনালোঁ।
ৰংবয় বয়,
ধন্যবাদেৰে,

সদৌ তাই আহোম ছাত্ৰ সংস্থা
তিনিচুকীয়া জিলা সমিতি

20/07/2026

Address

AATASU Tinsukia District Committee Office, Chukafa Nagar, Sripuria
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Atasu Tinsukia District Committee Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share