Jayanta Mallabaruah

Jayanta Mallabaruah

Share

MLA - 39 Nalbari LAC. MLA, Nalbari / Political Secretary to Hon'ble CM, Assam / Ex Chairman, Assam Tourism Development Corporation(ATDC)

Vice President: Athletics Federation of India
Senior Vice President: Assam Olympic Association
President: Assam Athletics Association
Trustee: KMB Foundation

Photos from Jayanta Mallabaruah's post 02/06/2026

অসমৰ অনন্য মুগা বয়ন শিল্পৰ স্বৰ্ণালী ঐতিহ্য এতিয়া বিশ্বমঞ্চত উজ্জ্বলভাৱে জিলিকিব।

আজি উত্তৰ- পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা ‘মিছন চেনেহজৰী’ অসমৰ ঐতিহ্যমণ্ডিত মুগা শিল্পৰ বাবে এক ঐতিহাসিক পদক্ষেপ।

৪০০ কোটি টকাৰ এই মহৎ আঁচনিখনৰ জৰিয়তে ২০২৮ চনৰ ভিতৰত অসমৰ মুগা ৰেচম খণ্ডক পৰম্পৰাগত উৎপাদন ব্যৱস্থাৰ পৰা বিশ্ববজাৰত স্বীকৃতিপ্ৰাপ্ত অভিলাসী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এই মিছনে কেৱল মুগা শিল্পক নতুন দিশ দিয়াই নহয়, হাজাৰ হাজাৰ খেতিয়ক, তাঁতশিল্পী আৰু এই শিল্পৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

02/06/2026

Paid heartfelt homage to late Madhurjya Barman and prayed for eternal peace to the departed soul.

Photos from Jayanta Mallabaruah's post 02/06/2026

নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৰোজ আলী (বা আছিক আলী) নামৰ লাভ জেহাদীৰ হাতত দুঃখজনকভাৱে প্রাণ হেৰুওৱা চামতা ভকতপাৰা চুবুৰীৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পিতৃ-মাতৃ তথা স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰোঁ।

উদীয়মান যুৱক মাধুৰ্য বৰ্মনৰ ওপৰতে পৰিয়ালটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছিল। জেহাদীৰ চক্রান্তত একমাত্র সক্ষম পুত্র হেৰুওৱা দুর্ভগীয়া পিতৃ-মাতৃলৈ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে তেওঁলোকৰ দুখৰ সমভাগী হওঁ।

Narayan Deka,
Jayanta Kumar Bujarbaruah

📍 নলবাৰী।

02/06/2026

বিধায়কৰ দিনলিপি
০১ ,জুন,২০২৬
📍গুৱাহাটী

02/06/2026

আজিৰ চিন্তা!

01/06/2026

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সংগঠক (জ্যেষ্ঠ কার্যকর্তা সম্পর্ক) হিচাপে নিযুক্তি লাভ কৰা শ্ৰী Nagendra Nath Tripathi ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Nitin Nabin ডাঙৰীয়াই আজি শ্রীত্রিপাঠী ডাঙৰীয়াক আনুষ্ঠানিক পত্রৰে দলৰ এই গুৰু দায়িত্ব প্রদান কৰে। মোৰ বিশ্বাস, শ্রীত্রিপাঠী ডাঙৰীয়াৰ কার্যকালত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হৈ উঠিব।

01/06/2026

ৰোমন্থন..

01/06/2026

কালি নলবাৰীত সংঘটিত গর্হিত এই ঘটনাটোৰ ওপৰত আমাৰ চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আজি গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ভুক্তভোগী যুৱতীগৰাকীৰ স্বাস্থ্যৰ বুজ লওঁ আৰু আশু আৰোগ্য কামনা কৰোঁ। চিকিৎসকৰ তৎপৰতাত তেওঁৰ স্বাস্থ্যৰ উন্নতি সাধন হৈছে যদিও এতিয়াও সংকটমুক্ত হোৱা নাই।

নলবাৰী জিলাত লাভ জেহাদক লৈ এনে ঘটনা পূৰ্বে পৰিলক্ষিত হোৱা নাই। তথাপিও আমাৰ সমাজত সচেতনতাৰ প্ৰয়োজন আহি পৰিছে।

এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ দৃঢ় ভূমিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সমাজখনক এইদৰে ঘুণীয়া হ'বলৈ আমি এৰি দিব নোৱাৰোঁ।

01/06/2026

'লাভ জেহাদ' অসমৰ সমাজ জীৱনত ক্ষিপ্ৰতাৰে আগবাঢ়ি যোৱা এটা দুৰাৰোগ্য ব্যাধি...

আমি প্ৰত্যেকে এই ক্ষেত্ৰত সচেতন হ'ব লাগিব আৰু ইয়াৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগিব। কালি ফুটগধুলিতে নলবাৰী জিলাৰ গংগাপুৰত হোৱা ঘটনাই আমাক সকলোকে স্তম্ভিত কৰিছে। বৰ্তমান আৰক্ষী প্ৰশাসনে ক্ষিপ্ৰতাৰে কাম কৰি আছে আৰু আমাৰ বিশ্বাস, অসম আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব।

সম্ভাৱনাপূৰ্ণ যুৱকগৰাকীৰ দুঃখজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ, তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তদুপৰি উক্ত ঘটনাত আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছোঁ।

01/06/2026

মাননীয় সাংসদ শ্ৰী Kamakhya Prasad Tasa ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

এগৰাকী নিষ্ঠাৱান জননেতা আৰু সংগঠক হিচাপে তেখেতে ৰাইজৰ কল্যাণ আৰু অসমৰ উন্নয়নৰ হকে নিৰলসভাবে কাম কৰি আহিছে।

আগন্তুক দিনবোৰতো অধিক উদ্যমেৰে ৰাষ্ট্ৰ সেৱাত ব্ৰতী হ'বলৈ মা কামাখ্যাই তেখেতক সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু শক্তি প্ৰদান কৰক, আজিৰ এই শুভ দিনটোত তাকে কামনা কৰিছোঁ।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

http://www.jayantamallabaruah.com/

Address


Guwahati