30/06/2026
গোৰেশ্বৰ বিধান সভা সমষ্টিৰ নৱনিযুক্ত মাননীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰী ভিক্টৰ কুমাৰ দাস ডাঙৰীয়াই শিক্ষিত, দক্ষ আৰু আত্মনিৰ্ভৰশীল যুৱ সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে ADRE আৰু অন্যান্য চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্পূৰ্ণ বিনামূলীয়া এমাহীয়া প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰি এক প্ৰশংসনীয় আৰু দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে।
এই মহৎ উদ্যোগে অঞ্চলটোৰ বহু মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিব। সমাজ উন্নয়নৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক পদক্ষেপ নিঃসন্দেহে প্ৰশংসাৰ যোগ্য।
শুক্লাই ছেৰফাং মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা মাননীয় বিধায়ক শ্ৰী Victor Kumar Das ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।
আপোনাৰ এই মহৎ প্ৰয়াস সফল হওক, আৰু আগন্তুক দিনবোৰতো জনসাধাৰণৰ কল্যাণৰ বাবে এনে উন্নয়নমূলক পদক্ষেপ অব্যাহত থাকক—এইয়াই আমাৰ আন্তৰিক কামনা।