BJP Lakhimpur District

Directions Contact the organization

BJP Lakhimpur District District-level page sharing organizational updates and public activities of BJP Lakhimpur, Assam. Managed By Lakhimpur District SM Team.

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই অহা ৩ ...
02/11/2026

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই অহা ৩ ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইনত ৫৪খন দেশৰ উপস্থিতিৰে অনুষ্ঠিত হ'বলগীয়া ৩০ সংখ্যক 'ইবেৰো-আমেৰিকান সন্মিলন' (Ibero-American Conference)ত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। উল্লেখ্য যে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ চলিত 'ভাৰত-স্পেইন সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুটীয়া বৰ্ষ' (India-Spain Dual Year of Culture, Tourism and Artificial Intelligence) উদযাপনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে মাদ্ৰিদত প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব।

ছবিয়ে কথা কয়। প্ৰথমখন দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছ তথা ইণ্ডি জোঁটবন্ধনৰ খালি চকীৰে বিশাল সমাৱেশ😃 আৰু আনখন অসমৰ মৰিগ...
02/11/2026

ছবিয়ে কথা কয়। প্ৰথমখন দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছ তথা ইণ্ডি জোঁটবন্ধনৰ খালি চকীৰে বিশাল সমাৱেশ😃 আৰু আনখন অসমৰ মৰিগাঁও জিলাত বিজেপিৰ উদ্যোগত ৩৫ সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰা গণতন্ত্ৰ বচাও, অৰাজকতা হাটাও পদযাত্ৰাৰ জনাকীৰ্ণ ছবি। ✊

01/11/2026

হিমাচল প্ৰদেশৰ চিমলাত 'গণতন্ত্ৰ বচাও অৰাজকতা হটাও' কাৰ্যসূচীত অংশ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

25/10/2026

PM Shri Narendra Modi’s with the nation.

আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধা...
24/10/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ:-

আন্তৰিক অভিনন্দন।।।
23/10/2026

আন্তৰিক অভিনন্দন।।।

23/10/2026

কেবিনেট বৈঠকৰ পিছত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

অসমৰ সাহিত্য-সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ যোৱা লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, কথাশিল্পী, সংগীতশিল্পী ড° বীৰেন্দ্...
23/10/2026

অসমৰ সাহিত্য-সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ যোৱা লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, কথাশিল্পী, সংগীতশিল্পী ড° বীৰেন্দ্ৰনাথ দত্তদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

আজি ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা যুৱ মৰ্চাৰ নৱ নিযুক্ত ৰাষ্ট্ৰ...
22/10/2026

আজি ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা যুৱ মৰ্চাৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীবিশ্বজিৎ খাউণ্ডক শুভেচ্ছা জ্ঞাপন কৰে।

ছোনিয়া গান্ধীৰ কংগ্ৰেছ দলে ভাৰতত শাসন পৰিৱৰ্তন বিচাৰে, আৰু সময়ে সময়ে তেওঁলোকৰ অভিসন্ধি স্পষ্ট হৈ আহিছে।আছৰা নোমানীৰ ফ...
22/10/2026

ছোনিয়া গান্ধীৰ কংগ্ৰেছ দলে ভাৰতত শাসন পৰিৱৰ্তন বিচাৰে, আৰু সময়ে সময়ে তেওঁলোকৰ অভিসন্ধি স্পষ্ট হৈ আহিছে।

আছৰা নোমানীৰ ফক্স নিউজৰ অনুসন্ধানমূলক প্ৰতিবেদনত ৯খন দেশৰ ১০১টা সংগঠনৰ এক নেটৱৰ্কৰ তথ্য দাঙি ধৰা হৈছে। প্ৰতিবেদন অনুসৰি, ইছলামবাদী আৰু কমিউনিষ্ট প্ৰতিবাদৰ এক ইক'চিষ্টেমে ফ্ৰান্সত ছাত্ৰ-ছাত্ৰীৰ আন্দোলনক হিংসাত্মক সংঘৰ্ষলৈ ৰূপান্তৰিত কৰিছিল আৰু এতিয়া ভাৰতক লক্ষ্য কৰি লৈছে।

প্ৰতিবেদনখনত Indian Alliance Paris নামৰ সংগঠনটোৰ উল্লেখ কৰি কোৱা হৈছে যে ই ফ্ৰান্স আৰু ভাৰতৰ প্ৰতিবাদৰ বাৰ্তাসমূহৰ মাজত সংযোগ স্থাপন কৰিছে। আনহাতে, Progressive International নামৰ সংগঠনটোৱে ফ্ৰান্স, স্পেইন, আলবেনিয়া আৰু ভাৰতৰ প্ৰতিবাদসমূহক একেটা মঞ্চত একত্ৰিত কৰিছে বুলি উল্লেখ কৰা হৈছে।

সেই একেটা Progressive International সংগঠনৰ প্ৰতিনিধিসকলেই ২০২৫ চনৰ এপ্ৰিল মাহত ১০ জনপথত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে বৈঠকত মিলিত হৈছিল। স্পষ্টকৈ বুজা যায় যে ইয়াৰ আঁৰত চকুত পৰা কথাতকৈও অধিক ৰহস্য আছে, আৰু এই বৈঠক কেৱল সৌজন্যতামূলক সাক্ষাৎ নাছিল।

কি আলোচনা কৰা হৈছিল?

এই প্ৰতিবাদসমূহৰ বাবে কোনে ধন যোগান ধৰিছে?

প্ৰতিবাৰেই ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ পৰিকল্পনা ৰচনা কৰাৰ সময়ত কংগ্ৰেছ কিয় জড়িত হৈ থাকে?

ছোনিয়া গান্ধী আৰু তেওঁৰ সন্তানে দেশবাসীক এই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব।

শেষত, ভাৰতে অৰাজকবাদীৰ ওচৰত কেতিয়াও শিৰ নত নকৰে। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত দেশত অৰাজকতা পৰিকল্পনা কৰা যিকোনো ব্যক্তিয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when BJP Lakhimpur District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Lakhimpur District:

Shortcuts

Share