Meghali Bora Talukdar

Directions Website

Meghali Bora Talukdar ৰাইজৰ হকে মই সদায় এখোজ আগত

26/10/2026

দেওবাৰৰ পৰা ৭ নৱেম্বৰলৈ ১৪ দিনীয়া কাৰ্যসূচীৰে চিৰাঙৰ বিজনীত উলহ-মালহেৰে উদযাপন ঐতিহাসিক ১৩৫ সংখ্যক ৰজাদিনীয়া লক্ষ্মী পূজা আৰু মেলা।

অসম আৰক্ষীৰ প্ৰাক্তন DIG জীৱন সিঙৰ দেহাৱসান।
21/10/2026

অসম আৰক্ষীৰ প্ৰাক্তন DIG জীৱন সিঙৰ দেহাৱসান।

মহা সপ্তমীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। দেৱী দুৰ্গাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক...
17/10/2026

মহা সপ্তমীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। দেৱী দুৰ্গাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক ।

17/10/2026

*সকলোকে দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

যোৱাকালিৰ দিনটোত দুৰ্গাপূজাৰ বিভিন্ন নিয়ম-নীতি আৰু দেৱী দুৰ্গাৰ আগমন-গমনৰ বিশেষ তাৎপৰ্য Current Report NE ত আগঢ়াইছিলো ।

দুৰ্গাপূজাৰ ষষ্ঠীৰ পৰা বিজয়া দশমীলৈ প্ৰতিটো দিনৰ আছে নিজস্ব ধৰ্মীয় পৰম্পৰা আৰু বিশেষ তাৎপৰ্য।

🔸 মহাষষ্ঠী (বেলবৰণ): এই দিনটোত বেলগছৰ পূজাৰ জৰিয়তে দেৱী দুৰ্গাক আৱাহন কৰা হয় আৰু পৰম্পৰা অনুসৰি পূজাৰ আনুষ্ঠানিকতা আৰম্ভ হয়।

🔸 সন্ধি পূজা আৰু কুমাৰী পূজা: অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত অনুষ্ঠিত হয় সন্ধি পূজা। এই সময়ত ১০৮ গছি চাকি জ্বলোৱাৰ পৰম্পৰা আছে। আনহাতে, কুমাৰী পূজাত কন্যা শিশুক দেৱী শক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়।

🔸 বিজয়া দশমী: এই দিনটোত দেৱী দুৰ্গাৰ বিসৰ্জন কৰা হয়। আনহাতে, ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ দাহে অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ জয়ৰ বাৰ্তা বহন কৰে। অৱশ্যে, ৰাৱণ দাহ মূলতঃ দশেৰা উৎসৱৰ সৈতে জড়িত পৰম্পৰা।

**দেৱীৰ আগমন আৰু গমনৰ তাৎপৰ্য (পঞ্জিকা অনুসৰি):**

🔹 ঘোঁৰাত আগমন: পৰম্পৰাগত পঞ্জিকাৰ ব্যাখ্যা অনুসৰি, দেৱীৰ ঘোঁৰাত আগমনক প্ৰাকৃতিক দুৰ্যোগ, অস্থিৰতা আৰু অনিষ্টৰ সম্ভাৱনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

🔹 নৌকাত গমন: দেৱীৰ নৌকাত গমনক শস্য-শ্যামলা পথাৰ, কৃষিৰ উন্নতি আৰু সুখ-সমৃদ্ধিৰ সৈতে জড়িত শুভ সংকেত হিচাপে ব্যাখ্যা কৰা হয়।

এইবোৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস আৰু পঞ্জিকাভিত্তিক ব্যাখ্যা।

15/10/2026

পাণ্ডু বিবিচি কলনিত নেতাজী স্পৰ্টিং ক্লাবৰ ৫৪ সংখ্যক দুৰ্গোৎসৱ। পূজা মণ্ডপত স্থাপন কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Meghali Bora Talukdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category

Nearby government services