11/09/2026
অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ শ্ৰী বৈজনাথ বাসফোৰে ডিব্ৰুগড় জিলালৈ দুদিনীয়া চৰকাৰী ভ্ৰমণ কৰি জিলাখনৰ চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বুজ লয়।
ভ্ৰমণকালত অধ্যক্ষগৰাকীয়ে ডিব্ৰুগড় জিলা প্ৰশাসনক চাফাই কৰ্মচাৰীসকলৰ বাবে বহুমহলীয়া আৱাসিক গৃহ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে দীৰ্ঘদিন ধৰি চাফাই কৰ্মচাৰীসকলে বসবাস কৰি অহা এলেকাসমূহৰ ভূমি চাফাই কৰ্মচাৰী কলনী হিচাপে স্বীকৃতি দি ভূমি আৱণ্টনৰ ব্যৱস্থা কৰাৰ বাবেও প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
দুদিনীয়া ভ্ৰমণকালত অধ্যক্ষগৰাকীয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী (HOD), ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (PSU), অসম চিকিৎসা মহাবিদ্যালয় (AMC) আৰু ৰে’লৱেৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ চাফাই কৰ্মচাৰীসকলৰ কল্যাণৰ বিভিন্ন বিষয়ত আলোচনা কৰে।
এই বৈঠকসমূহত চাফাই কৰ্মচাৰীসকলৰ বাবে—
ন্যূনতম মজুৰি নিশ্চিত কৰা,
উপযুক্ত সুৰক্ষা সামগ্ৰী (Safety Equipment) প্ৰদান কৰা,
সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা নিশ্চিত কৰা,
নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা (Health Check-up) কৰা,
আৰু সুৰক্ষিত আৰু সন্মানজনক কৰ্ম পৰিৱেশ নিশ্চিত কৰা
আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
অধ্যক্ষ শ্ৰী বৈজনাথ বাসফোৰে কয় যে চাফাই কৰ্মচাৰীসকল সমাজ আৰু জনস্বাস্থ্য ব্যৱস্থাৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। তেওঁলোকৰ সুৰক্ষা, সন্মান, ন্যায্য মজুৰি, আৱাস আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰ আৰু সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ দায়িত্ব।
তেওঁ সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক আয়োগে দিয়া নিৰ্দেশসমূহ সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি Action Taken Report (ATR) আয়োগৰ ওচৰত দাখিল কৰিবলৈ আহ্বান জনায়।
"অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগে ৰাজ্যখনৰ চাফাই কৰ্মচাৰীসকলৰ অধিকাৰ, সুৰক্ষা, সন্মান আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি যাব।"
Himanta Biswa Sarma
Laxman Acharya
Aswini Ray Sarkar
Narendra Modi
Ashok Singhal
National Safai Karamcharis Finance & Development Corporation
CMO Assam