13/11/2026
কাজিৰঙাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই আমাক গভীৰভাৱে ব্যথিত আৰু মৰ্মাহত কৰিছে। এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।
আপোনজনক হেৰুওৱাৰ এই অপূৰণীয় বেদনা সহ্য কৰিবলৈ শোকাকুল পৰিয়ালসমূহক পৰমেশ্বৰে ধৈৰ্য আৰু মানসিক শক্তি প্ৰদান কৰক। লগতে দুৰ্ঘটনাত আহতসকলৰ শীঘ্ৰে সুস্থতা কামনা কৰিলোঁ।
এই গভীৰ শোকৰ মুহূৰ্তত আমি শোকসন্তপ্ত পৰিয়ালসমূহৰ দুখ-বেদনাৰ সমভাগী।
ওঁম শান্তি🙏