25/04/2026
তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত বিহুৱতী নিশামণি হালৈ।
দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ ট্ৰেভেলাৰৰ।
ট্ৰেভেলাৰখনত আছিল নলবাৰীৰ ভাস্কৰজ্যোতি বিহু দল।
দুৰ্ঘটনাত ১১গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত।
নিহত বিহুৱতী নিশামণি হালৈ লৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।আহত বিহুৱা বিহুৱতী কেইগৰাকী আশু আৰোগ্য কামনা কৰিছোঁ।
22/04/2026
গুপ্তকাশীৰ বুকুৰ পৰা প্ৰকৃতিৰ অপূৰ্ব দৃশ্য। এই শান্ত সন্ধিয়াটোৱে মনটো জুৰ পেলাই দিলে
20/04/2026
এজাক বৰষুণতে গুৱাহাটী আভিজাত্যৰ শেষ হয় কৃত্ৰিম বানপানীত পায়েল নাথ নামৰ এগৰাকী মহিলা মৃত্যু।
সঁচাকৈ, এয়া এক অতিকে পৰিতাপৰ আৰু লজ্জিত হ’বলগীয়া বিষয়। যিখন মহানগৰীক আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বা "স্মাৰ্ট চিটি" বুলি গৌৰৱ কৰোঁ, সেইখন চহৰৰে আভিজাত্য এজাক বৰষুণতেই উটি যায়।
শেহতীয়াকৈ এগৰাকী মহিলাৰ এনেদৰে মৃত্যু হোৱা ঘটনাই পুনৰ উদঙাই দিছে যে গুৱাহাটীৰ কৃত্ৰিম বানপানী কেৱল এটা সমস্যাই নহয়, এয়া এতিয়া এক জীৱন মৰণৰ সংকট হৈ পৰিছে।
গুৱাহাটীৰ এই দুৰৱস্থাৰ কিছুমান তিক্ত সত্য:
পৰিকল্পনাহীন নগৰীকৰণ: নলা-নৰ্দমাবোৰ সঠিকভাৱে নিৰ্মাণ নকৰা আৰু থকাখিনিও জাবৰ-জোঁথৰেৰে বন্ধ হৈ থকাটো এক ডাঙৰ কাৰণ। পায়েল নাথ ডাঙৰীয়ানী লৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।