BJYM South kamrup

Directions

BJYM South kamrup যুৱ শক্তি ৰাষ্ট্ৰ শক্তি

“শ্বহীদ প্ৰণামো তোমাক”অসমৰ পৱিত্ৰ অখণ্ডতা, জাতীয় স্বাভিমান, সাংস্কৃতিক সত্তা আৰু চিৰন্তন অস্তিত্ব ৰক্ষাৰ মহৎ অভিযাত্রাত ...
07/12/2025

“শ্বহীদ প্ৰণামো তোমাক”

অসমৰ পৱিত্ৰ অখণ্ডতা, জাতীয় স্বাভিমান, সাংস্কৃতিক সত্তা আৰু চিৰন্তন অস্তিত্ব ৰক্ষাৰ মহৎ অভিযাত্রাত নিজৰ জীৱন আহুতি দিয়া মহান ৮৫৫ গৰাকী বীৰ শ্বহীদৰ পৱিত্ৰ স্মৃতিত আজি আমি গভীৰ ভক্তি আৰু আন্তৰিক কৃতজ্ঞতাৰে শিৰনত কৰিছোঁ।

তেখেতসকলৰ ত্যাগ, ধৈৰ্য্য আৰু অকল্পনীয় সাহসেই “নৱঅসম” নিৰ্মাণৰ দৃঢ় ভিত মজবুত কৰিছিল। অসমৰ সমাজ জীৱনৰ স্বপ্ন, আশা আৰু অধিকাৰ ৰক্ষাৰ বাবে তেখেতসকলে যি পৱিত্ৰ পথ দেখুৱাই গ'ল, তাক আগবঢ়াই লৈ যোৱাটোৱেই হৈছে আমাৰ পৱিত্ৰ কৰ্তব্য, দৃঢ় প্ৰতিশ্ৰুতি, আৰু অবিচল সংকল্প।

১০ ডিচেম্বৰ, শ্বহীদ দিৱসৰ প্ৰাকক্ষণত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত দৰং জিলাৰ ছিপাঝাৰ সমজিলা কাৰ্যালয় প্ৰাঙ্গণত আজি আয়োজিত “শ্বহীদ প্ৰণামো শীৰ্ষক স্মৃতিচাৰণ সভা” ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত তথা ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াৰ সভাপতিত্বত সফলতাৰে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে অসম আন্দোলনত আত্মবলিদান দিয়া সকলো বীৰ শ্বহীদৰ অবিস্মৰণীয় ত্যাগক সন্মান জনোৱা হয়।

আজিৰ এই অনুষ্ঠানত দৰং জিলাৰ ৬৩ গৰাকী শ্বহীদ তথা নিৰ্যাতিত পৰিয়ালৰ লগতে ঐতিহাসিক পথৰুঘাটৰ শ্বহীদ পৰিয়ালসমূহক যুৱ মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা সন্মান জ্ঞাপন কৰা হয়। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই মহান বীৰসকল আমাৰ সমাজ জীৱনৰ স্থায়ী পথপ্ৰদৰ্শক, যাক চিৰদিন স্মৰণ কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য।

অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা সন্মানীয় বিধায়ক শ্ৰীযুত দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, জিলা বিজেপিৰ সভাপতি শ্ৰীযুত মুকুন্দ ডেকা ডাঙৰীয়া, যুৱ মৰ্চা, অসম প্ৰদেশৰ সন্মানীয় সাধাৰণ সম্পাদকদ্বয় ক্ৰমে শ্ৰীযুত পৱিত্ৰ ৰাভা ডাঙৰীয়া, শ্ৰীযুত ৰুপম গগৈ ডাঙৰীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল, দৰং জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত কমল কৃষ্ণ ডেকা ডাঙৰীয়া, শ্বহীদ পৰিয়াল, দলৰ জ্যেষ্ঠ নেতৃবৃন্দ, আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

জয় আই অসম...
জয় আই অসম...
জয় আই অসম...

আজি ভাৰতীয় জনতা পাৰ্টী দক্ষিণ কামৰূপ জিলাৰ বাটৰহাটস্হিত জিলা মুখ্য কাৰ্যালয়ত, সন্মানীয় জিলা সভাপতি শ্ৰীযুত অঞ্জন গোস্...
11/11/2025

আজি ভাৰতীয় জনতা পাৰ্টী দক্ষিণ কামৰূপ জিলাৰ বাটৰহাটস্হিত জিলা মুখ্য কাৰ্যালয়ত, সন্মানীয় জিলা সভাপতি শ্ৰীযুত অঞ্জন গোস্বামী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত দলৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়।
আজিৰ এই সভাখনৰ অন্তত ৰাজ্যিক বিজেপিৰ সন্মানীয় প্ৰভাৰী শ্ৰীযুত হৰিশ দ্বিবেদী ডাঙৰীয়া, মাননীয়া প্ৰাক্তন সাংসদ শ্ৰীযুতা কুইন ওজা বাইদেউ, পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, মাননীয় জিলা প্ৰভাৰী শ্ৰীযুত মুকুতা ডেকা ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰীযুত হিমাংশু শেখৰ বৈশ্য প্ৰমুখ্যে দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ উপস্হিতিত, বিজেপি দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত জিতু কলিতা ৰ নেতৃত্বত ভালেসংখ্যক যুৱকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ,দলত যোগদান কৰে।
আটাইবোৰকে ভাৰতীয় জনতা পাৰ্টীলৈ উষ্ম আদৰণি জনাইছোঁ।।

আমিয়েই নতুন ভাৰত।আমাৰ সপোনে ভাৰতৰ ভৱিষ্যত।
10/11/2025

আমিয়েই নতুন ভাৰত।
আমাৰ সপোনে ভাৰতৰ ভৱিষ্যত।

Address

South Kamrup Bjp Office
Guwahati
781122

Website

Alerts

Be the first to know and let us send you an email when BJYM South kamrup posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Nearby government services